দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণৰ ঘটনাকৰ সৈতে জড়িত থকাৰ সন্দেহত দুই যুৱকক মুকালমুৱা আৰক্ষীয়ে শনিবাৰৰ সন্ধিয়াৰ সোধ-পোছৰ বাবে আটক কৰাৰ পাছত আকৌ নিশাৰ ভাগত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
আৰক্ষীৰ এক সূত্ৰৰপৰা জানিব পৰা মতে, নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰৰ বিশেষ তৎপৰতাত মুকালমুৱা আৰক্ষীৰ এটা দলে অভিযান চলাই সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰীত আত্মগোপন কৰি থকা অৱস্থাত জিন্টু মেধি নামৰ যুৱকৱজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
অভিযোগ অনুসৰি, সাংবাদিক ৰাজেন ডেকাক বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ পূৰ্বে জিন্টু মেধিয়ে সাংবাদিকজনৰ সন্দৰ্ভত কটু মন্তব্যৰ লগতে সাংবাদিকজনক ভাবুকি প্ৰদান কৰি ছ'চিয়েল মিডিয়াযোগে প্ৰচাৰ চলাইছিল।
উক্ত যুৱকজনৰ প'ষ্টত আন কেইবাজনো যুৱকে মন্তব্য প্ৰদান কৰিছিল। এনে অভিযোগৰ ভিত্তিতেই কালি নিশা যুৱকজনক গ্ৰেপ্তাৰ কৰে যদিও এই পৰ্যন্ত আক্ৰমণৰ খলনায়ক পলাতক অৱস্থাত আছে।
উল্লেখযোগ্য যে কালি সন্ধিয়া আৰক্ষীয়ে আটক কৰা যুৱক দুজন হৈছে মুকালমুৱাৰ হেমাংগ মেধি আৰু জিতু ডেকা। ছ'চিয়েল মিডিয়াৰ ওপৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিবলৈ সচেতন মহলে নলবাৰী আৰক্ষীৰ ওচৰত দাবী জনাইছে।