53
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ প্ৰৱল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে দৰিদ্ৰতা কেতিয়াও উন্নতিৰ অন্তৰায় হ’ব নোৱাৰে। এই কথাষাৰকে প্ৰমাণ কৰি দেখুৱালে নলবাৰীৰ এগৰাকী আৰ্থিকভাৱে অভাৱগ্ৰস্ত পৰিয়ালৰ শিক্ষাৰ্থীয়ে।
তীক্ষ্ণ মেধা সম্পন্ন ছাত্ৰ হিৰক জ্যোতি শৰ্মাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষা ফলাফলত নলবাৰী চহৰৰ প্ৰগ্ৰেছিভ একাডেমিৰপৰা পৰীক্ষাত অৱতীৰ্ণ হৈ ৪০৫ নম্বৰ লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।