দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰীৰ শান্তিপুৰ নিবাসী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট শিল্পী প্ৰফুল্ল কলিতা (৭৭)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে।

তেওঁৰ মৃত্যুত নলবাৰীত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি শুনাৰ লগে লগে অজস্ৰ গুনমুগ্ধই  আহি চোতাল ভীৰ কৰেহি। 

উল্লেখ্য যে যোৱা ৯ মে'ত নলবাৰী চহৰত এটা পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা কলিতাই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। আজি তেওঁৰ মৃতদেহ নলবাৰী আৰ্ট স্কুললৈ অনা হয়।

তাতেই বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু ব্যক্তিয়ে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পাছত বহু গুণমুগ্ধৰ উপস্থিতিত ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ, তিনিগৰাকী কন্যা আৰু বহু আত্মীয়ক ইহ সংসাৰত এৰি যায়‌।