দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ বৃহস্পতিবাৰে নিশা নলবাৰী জিলাৰ মুকালমুৱাৰ জ্যেষ্ঠ  সংবাদিক, সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা 'দৈনিক অসম’ কাকতৰ স্থানীয় সংবাদদাতা ৰাজেন ডেকাক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে দুপৰীয়া নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত নলবাৰী জিলা প্ৰেছ ক্লাব, নলবাৰী প্ৰেছ ক্লাব, আপকু নলবাৰী জিলা সমিতি, নলবাৰী জিলা ছাত্ৰ সন্থা, অসম  জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি, সচেতন নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উপযুক্ত শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।

ইপিনে জিলাখনৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ উদ্যোগতো সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ সাব্যস্ত হয় আৰু দেশত ক্ৰমাৎ বৃদ্ধি পোৱা সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

পাছত প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।