বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ পূব বনগাঁওবাসীয়ে সম্প্ৰতি এটুপি বিশুদ্ব খোৱা পানীৰ বাবে নিতৌ হাহাকাৰ কৰিব লগা হৈছে। ইয়াক লৈ অঞ্চলটোৰ ৰাইজে মুকলিকৈ ক্ষোভ উজাৰিছে কাৰ্যতঃ ৰাইজৰ উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ ওপৰত।
বেলসৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পূব বনগাঁও পানীযোগান আঁচনিখন আজিৰপৰা কেইবা বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল যদিও সেয়াও ভেকো ভাওনা ধৰি ৰামঠগন দিয়ে উক্ত বিভাগটোৱে।
কিছুদিন আগতে আঁচনিখনৰ যাবতীয় আন্তঃগাঠনি সম্পূৰ্ণ কৰিছিল যদিও পূব বনগাঁওবাসীৰ সন্মুখত দেখ-দেখকৈ পানী যোগান আঁচনিখন বিকল হৈ পৰে। পানী যোগানৰ বাবে স্থাপন কৰা টেংকি, পাম্পহাউচ, নলা, টেপ আদি কৰি ব্যবহাৰ নোহোৱাত ক্ৰমান্বয়ে মামৰে ধৰি ভাঙি চিঙি যাব ধৰিছে।
চৰকাৰী বিভাগটোৰ চৰম অবহেলা আৰু ঠিকাদাৰৰ অকৰ্মন্যতাই দায়ী বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। আনহাতে, ৰাইজৰ এই সমস্যাৰ প্ৰতি কানসাৰ নাই স্থানীয় প্ৰতিনিধিৰ।
উল্লেখ্য যে, কেবল পূব বনগাঁও পানীযোগান আঁচনিখনেই নহয় জিলাখনৰ বহু পানীযোগান আঁচনিয়ে এতিয়া বিকল হৈ থকা পৰিলক্ষিত হৈছে। চৰকাৰে তেওঁলোকৰ এই দূৰৱস্থা কেতিয়া দূৰ কৰিব তাৰেই গাঁওবাসীয়ে অপেক্ষা কৰি ৰৈছে৷