দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কটকীয়া গাঁও নিৱাসী তথা বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সম্পাদক, প্ৰাক্তন ছাত্ৰ নেতা, শিক্ষক ৰবীন কলিতা (৪৩)ৰ শনিবাৰে নিশা ১১ মান বজাত নিজ গৃহত মৃত্যু হয়।
কলিতাই দীৰ্ঘদিন ধৰি কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। কলিতাৰ মৃত্যুৰ বাতৰিৰ পাছত বিভিন্ন দল-সংগঠনৰ মূৰব্বীকে ধৰি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতা, প্ৰাক্তন সভাপতি তবিবৰ ৰহমান, ঘগ্ৰাপাৰ মণ্ডল কংগ্ৰেছৰ বিষয়-ববীয়া, গোপীনাথ বৰদলৈ জাতীয় বিদ্যালয় শিক্ষকবৃন্দকে ধৰি অনেকজনে শেষ শ্ৰদ্ধা নিবেদন কৰে।