56
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ গাঁৱৰ ওজাপাৰা চুবুৰীৰ এটি পৰিয়ালত শুকুৰবাৰে নিশা চোৰৰ দলে লুটপাত চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিবৰনী অনুসৰি, গাঁওখনৰ কৰুণা বক্সীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে দৰ্জাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি ঘৰৰ বয়-বস্তু তহিলং কৰাৰ লগতে কাঁহৰ বাচন-বৰ্তন চুৰি কৰি নিবলৈ সক্ষম হয়।