বৰনৰ্দ্দীঃ অসমত বৃহৎ নদীবান্ধ বন্ধ আৰু সাধৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত নিৰাপত্তাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সৰব হৈ উঠিল। ইয়াৰ অন্যতম কাৰ্যসূচী অনুসৰি সমগ্ৰ অসমতে আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
নলবাৰী জিলা সমিতিয়ো এই অৱস্থান ধৰ্মঘট নলবাৰী চহৰৰ নাট্যমন্দিৰৰ সমীপত পালন কৰে৷ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰী, সাধাৰণ সম্পাদক নিৰোদ দাস, সভাপতি মনোৰম কলিতাকে ধৰি জিলা সমিতিৰ বহুকেইজন বিষয়া, বিভিন্ন আঞ্চলিকৰ সদস্য, আৰু সাধৰণ নাগৰিকিও অংশগ্ৰহণ কৰে আজিৰ এই কাৰ্যসূচীত৷