দিগন্ত বৰ্মন, বৰনদ্দীঃ নলবাৰী জিলাৰ বৃহত্তৰ বৰনদ্দী অঞ্চলৰ পানীগাঁও মিলন চ’কত অনুষ্ঠিত কৰি অহা এখন ব্যতিক্ৰমী কালীপূজা ৰাইজৰ মাজত আদৰ্শ আৰু সমন্বয়ৰ প্ৰতীক হৈ পৰিছে৷ যিসময়ত এচাম স্বাৰ্থান্বেষী লোকে ধৰ্মৰ নামত কলিমা সানি মানুহৰ সমন্বয়ত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিছে তেনে সময়তে পানীগাঁও মিলন চ’কৰ একাংশ হিন্দু আৰু মুছলমান লোক মিলিত হৈ প্ৰতি বছৰে কালীপূজা অনুষ্ঠিত কৰি মহামিলন তীৰ্থত পৰিণত কৰি তোলাৰ প্ৰয়াস কৰিছে৷
উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবছৰো মিলন চ’ক উন্নয়ন সমিতিৰ উদ্যোগত অহা ৬ নৱেম্বৰত কালীপূজাখন অনুষ্ঠিত কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে৷ পূজা উপলক্ষে ইকৰাম আলীক সভাপতি হেমন্ত সাউদক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে৷