54
বৰপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত অবৈধ কয়লা ভৰ্তি ডাম্পাৰ জব্দ৷ নাগালেণ্ডৰপৰা সৰুপানী হৈ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত সোমাওতেই আৰক্ষীৰ জালত পৰে অবৈধ কয়লা ভৰ্তি ডাম্পাৰখন৷
আৰক্ষীয়ে ডাম্পাৰখন উৰিয়ামঘাট থানালৈ লৈ যায় আৰু অবৈধভাৱে কয়লা সৰবৰাহ কৰাৰ বাবে গোচৰ ৰোজু কৰি ডাম্পাৰখনৰ চালক সুশীল বসুমতাৰীক গ্ৰেপ্তাৰ কৰে৷