বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ ছেৱাগুৰিত ৬ জানুৱাৰীৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ অধিৱেশনৰ ৩য় দিনৰ কাৰ্যসূচীৰ মুকলি সভাত অংশগ্রহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।
সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছাত্র নেতাজনে শেহতীয়াকৈ মঙলবাৰে সদনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্রতত বি জে পি চৰকাৰে যিদৰে হঠকাৰীতাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে, তাক তীব্র ভাষাৰে গৰিহণা দিয়ে৷