44
বৰপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত বছাপথাৰ গাঁৱত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। বছাপথাৰ গাঁৱৰ বিক্ৰম মাঝিৰ বাঁহনিত এজোপা কলিয়ৰি গছত লতাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
গাঁৱৰে দুজনমান লোকে বাঁহনিত বাঁহ কাটিবলৈ গৈ মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্রেৰণৰ বাবে ব্যৱস্থা কৰে।