চুলতান চালেহ আহমেদ, বৰপেটাঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা ‘ডিজিটেল ইণ্ডিয়া’ প্ৰচাৰ অভিযানৰ চতুৰ্থ বৰ্ষপুৰ্তি হিচাপে সোমবাৰে বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়৷
সভাত জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলক উদ্দেশ্যি ‘ডিজিটেল ইণ্ডিয়া’ তথা ই-গভৰ্নেন্স ব্যৱস্থাৰ সুফল সমূহ ৰাইজক প্ৰদান কৰাৰ লগতে নিজেও তাৰ দ্বাৰা উপকৃত হোৱাৰ বাবে আহ্বান জনায়৷ উপায়ুক্ত গৰাকীয়ে লগতে কয় যে জনসংখ্যা আৰু অৰ্থনৈতিক শক্তিৰে ভাৰত বিশ্বৰ অন্যতম বৃহৎ শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে।