বৰপেটঃ বৰপেটা চহৰৰ সুন্দৰীদিয়াহাটীৰ মূখ্য পথৰ কাষত থকা এখন চাহ দোকানত দিনৰ ১১:২০ মানত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

অগ্নিকাণ্ডত উক্ত চাহদোকানৰ গৰাকী সুৰেশ দাস অগ্নিদগ্ধ হৈ আঘাতপ্ৰাপ্ত হয়। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগৰ বিষয়া-কৰ্মী আৰু আৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।