বৰপেটাৰোডঃ বানপানীৰ সুযোগ লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দিশৰপৰা বেকী নদীৰে অবৈধ চোৰাং কাঠৰ প্ৰকাণ্ড কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে।
জানিব পৰা মতে এচ এচ বি ৰ লাবদাংগুৰি ৫৪ নং বেটেলিয়ন আৰু খৈৰাবাৰী খণ্ড বন বিষয়া কৰুণা কান্ত দাসৰ নেতৃত্বত যোৱা বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ পমখেদি দেওবাৰে বিয়লি প্ৰায় ৩ বজাত বেকী নদীৰ দুমনী ঘাটৰ সমীপৰ আৰিয়ামাৰি ঘাটৰপৰা নদীৰে উটি অহাৰ অৱস্থাত ২৯ ডালকৈ প্ৰকাণ্ড শিমলু আৰু চিচ গছৰ কুণ্ডা জব্দ কৰে৷
যদিও বন বিভাগ আৰু এচ এচ বি অহাৰ পূৰ্বেই উমান পায় চোৰাং কাঠৰ বেপাৰী কেইটা পলাই যাবলৈ সক্ষম হোৱা বুলি৷ লগতে উক্ত জব্দকৃত কুণ্ডা কেইডালৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ’ব।
ঠিক অনুৰূপ ধৰণে জয়পুৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকীৰ দলংৰ সমীপৰপৰা কালি সন্ধিয়াও বন বিভাগে অবৈধ শিমলু গছৰ ৫ ডালকৈ প্ৰকাণ্ড কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছিল।