44
বৰপেটাঃ চি আৰ পি এফ জোৱানৰ কণ্ঠত দেশপ্ৰেমমূলক গীতৰ সুৰেৰে সজীৱ হ’ল মৰানদী। পৌৰাণিক-নতুন দেশভক্তিমূলক গীতে জীপাল কৰিলে চাউলখোৱা নদীৰ পাৰ। মোহিত কৰিলে অগণন দৰ্শকক। হৃদয় জুৰোৱা কণ্ঠই জিনিলে দৰ্শকৰ হৃদয়।
আনহাতে, গীতে-মাতে বৰপেটাৰ জনতাক অধিক প্ৰেৰণা যোগালে জোৱানসকলে৷ জোৱানসকলে একত্ৰিতভাৱে দেশ আৰু জাতিৰ বাবে জীয়াই থাকিবলৈ সাহস তথা উৎসাহিত কৰি তোলে ৰাইজক৷ দেশপ্ৰেমত বুৰ গ’ল বৰপেটাৰ চাউলখোৱা মহোৎসৱস্থলী।