চুলতান চালেহ আহমেদ​, বৰপেটা: বৰপেটা চহৰত ৰাম সেনাৰ দ্বাৰা সংঘটিত মুছলমান যুৱকক ধৰ্ম বিৰোধী শ্ল'গান দিবলৈ মাৰপিট কৰা ঘটনাৰ মূল অভিযুক্ত দেৱজিৎ ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ 

ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত ১৩২৫/১৯ নম্বৰৰ বিপৰীতে ৰুজু কৰা হৈছিল এক গোচৰ৷ শুকুৰবাৰে নিশা দিছপুৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰপৰা আটক কৰা হৈছিল দেৱজিতক৷

আজি বৰপেটাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় দেৱজিতক৷