সানি দাম, বৰপেটা ৰোডঃ শিশু সকলৰ মানসিক আৰু শৈক্ষিক বিকাশৰ ক্ষেত্ৰত অগ্ৰণি ভূমিকা পালন কৰি অহা কিডজিৰ এটা চেন্টাৰ সোমবাৰে বৰপেটাৰোডৰ শিমলাগুৰিত শুভাৰম্ভ কৰা হয়৷ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাম অৱতাৰ মহেশ্বৰীয়ে চেন্টাৰটোৰ শুভ উদ্বোধন কৰি শিশু সকলৰ মানসিক আৰু শৈক্ষিক বিকাশৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে৷
ভাৰতবৰ্ষৰ সাত শতাধিক চহৰত ১৮ শতাধিক চেন্টাৰ থকা কিডজিৰ এই চেন্টাৰটোৰ শিক্ষাৰ্থী সকলৰ বয়সৰ সীমা ডেৰ বছৰৰ পৰা চাৰে পাঁচ বছৰলৈ নিৰ্ধাৰণ কৰা হৈছে৷ চেন্টাৰটোত প্লে’ গ্ৰাউণ্ড, নাৰ্চাৰী, জুনিয়ৰ কেজি আৰু চিনিয়ৰ কেজি এই চাৰিটা ক্লাচ থাকিব৷ য’ত শিশুসকলক খেলাধুলাৰ মাজেৰে শিক্ষা প্ৰদান কৰা হ’ব৷