সানি দাম, বৰপেটা ৰোডঃ শিশু সকলৰ মানসিক আৰু শৈক্ষিক বিকাশৰ ক্ষেত্ৰত অগ্ৰণি ভূমিকা পালন কৰি অহা কিডজিৰ এটা চেন্টাৰ সোমবাৰে বৰপেটাৰোডৰ শিমলাগুৰিত শুভাৰম্ভ কৰা হয়৷ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাম অৱতাৰ মহেশ্বৰীয়ে চেন্টাৰটোৰ শুভ উদ্বোধন কৰি শিশু সকলৰ মানসিক আৰু শৈক্ষিক বিকাশৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে৷ 

ভাৰতবৰ্ষৰ সাত শতাধিক চহৰত ১৮ শতাধিক চেন্টাৰ থকা কিডজিৰ এই চেন্টাৰটোৰ শিক্ষাৰ্থী সকলৰ বয়সৰ সীমা ডেৰ বছৰৰ পৰা চাৰে পাঁচ বছৰলৈ নিৰ্ধাৰণ কৰা হৈছে৷ চেন্টাৰটোত প্লে’ গ্ৰাউণ্ড, নাৰ্চাৰী, জুনিয়ৰ কেজি আৰু চিনিয়ৰ কেজি এই চাৰিটা ক্লাচ থাকিব৷ য’ত শিশুসকলক খেলাধুলাৰ মাজেৰে শিক্ষা প্ৰদান কৰা হ’ব৷ 

উদ্বোধনী অনুষ্ঠানত কিডজিৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰিজনেল মেনেজাৰ সুদিপ্ত সাহাই কিডজিৰ শিক্ষা পদ্ধতিৰ ওপৰত বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত এটিছ একাদেমীৰ অধ্যক্ষ ৰনজিৎ ৰয়, চেন্টাৰটোৰ অধ্যক্ষা দলমিতা দাস, কিডজিৰ টেৰিটৰিয়েল মেনেজাৰ জয়দ্বীপ কলিতা, ডঃ মফিজুল ইছলাম প্ৰমুখ্যে ভালেমান বক্তাই বক্তব্য প্ৰদান কৰি শিশু সকলৰ শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য প্ৰদান কৰে৷