বৰপেটাঃ অসমত যি সময়ত বাঙালী সকলে অসমীয়া মাধ্যমত পঢ়া শুনা কৰি অসমীয়া ভাষাক নিজ মাতৃ ভাষা হিচাপে গণ্য কৰি আহিছে। তেনে সময়তে বহি: ৰাজ্যত বহি তাৰে পৰা একাংশ দুষ্ট চক্ৰই চছিয়েল মিডিয়া যোগে চলো পাল্টাই নামৰ যিটো ভিডিও আপলোড কৰিছিল। তাক লৈ অসমত যুগ যুগ ধৰি অসমীয়া আৰু বঙালী সকলৰ মাজত যি সমন্বয় অটুত আছে।
তেনে সমন্বয়ক বিনষ্ট কৰাৰ কাৰ্যক সমগ্ৰ অসমতে এতিয়া তোলপাৰ লগাইছে। ঠিক তেনেদৰে সদৌ অসম বাঙালী ছাত্র ফেডাৰেচনৰ বৰপেটা জিলা সমিতি সভাপতি সুকুমাৰ দেৱ নাথে এনে কাৰ্যৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি আজি এক প্ৰেছ বিবৃত্তি যোগে কয় চছিয়েল মিডিয়াত ভাইৰেল হোৱা
"চলো পাল্টাই" নামৰ ভিডিওৰ ওপৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বৰপেটা জিলা সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
"চলো পাল্টাই" গ্রুপ অসমৰ বাঙালী অভিভাৱক নহয়, তেওঁলোকৰ কথা মতে কাম নকৰে। অসমৰ কাৰণে তেওঁলোক এটা অপশক্তি। সেয়েহে অসমৰ বঙালী জনগণক আহ্বান জনাইছোঁ তেওঁলোক যাতে বহি: ৰাজ্যৰ কোনো অপশক্তিৰ ফান্দত ভৰি নিদিয়ে। লগতে বাঙালী ছাত্র ফেডাৰেচনৰ নেতা সুকুমাৰ দেৱ নাথে প্ৰেছ বিবৃত্তি উল্লেখ কৰে যে আমি অসমৰ বাসিন্দা, অসমৰ স্বাৰ্থত আমি মাত মাতি যাব লাগিব। বৃহত্তৰ অসমীয়া জাতি গঠনৰ স্বাৰ্থত আমি সদায় একমত।