সানি দাম, বৰপেটাৰোডঃ নামনি অসম বাণিজ্যিক প্ৰধান চহৰ বৰপেটাৰোড ৰে’ল ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীয়ে যোৱা শনিবাৰে কাহিলি পুৱাতে বৰপেটা জিলাৰ কলগাছিয়াৰ ৪ টাকৈ শিশুক এটা দুষ্টচক্ৰই বহিঃৰাজ্যলৈ বিক্ৰীৰ বাবে নিয়াৰ পথত বৰপেটাৰোড ৰে’ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰাৰ পাছত পুনৰ দেওবাৰে নিশা এখন ট্ৰেইনৰপৰা অবৈধ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
বৰপেটাৰোড ৰে’ল সুৰক্ষা বাহিৰ উপ-পৰিদৰ্শক সুভাভ চন্দ্ৰ ডেকাই জানিব দিয়া মতে যোৱা নিশা প্ৰায় ১২ঃ০৫ বজাত নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ এটা শীত-তাপ নিয়ন্ত্ৰিত দবাত তালাচী চলাই ৭২ টাকৈ অবৈধ ৰয়েল হুইচকি ব্ৰেণ্ডৰ বিদেশী সুৰা জব্দ কৰে৷