49
বৰপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সৰুপথাৰত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ছাত্ৰ সমাজ৷
সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজে জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ণ কৰে ছাত্ৰ বিক্ষোভ কাৰ্যসূচী৷ প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সৰুপথাৰ মহাবিদ্যালয়ৰপৰা সমদল কৰি আহি সৰুপথাৰ নগৰৰ মাজমজিয়াত গান্ধী মুৰ্তিৰ সমীপত পথ অৱৰোধ কৰে৷