newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত বিগত কেইমাহমানৰ পৰা আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে পুনৰ সংঘটিত হল এক অনুৰূপ ঘটনা৷ 

উল্লেখ্য, বটদ্ৰৱাৰ সমীপৰ ধনীয়াভেটিত মাত্ৰ কেইটামান মাহ পূৰ্বে কিশোৰী এগৰাকীক ধৰ্ষণ কৰি জ্বলাই হত্যা কৰাৰ ঘটনাৰ লগতে কিছুদিন পূৰ্বে এগৰাকী বিধৱা মহিলাক ধৰ্ষণৰ চেষ্টা চলাওঁতে সাহসী মহিলাগৰাকীৰ দাৰ ঘাপত লম্পটটোৰ গুপ্তাংগ কটা যোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন বৰহিছাত সংঘটিত হ’ল আন এক নিলৰ্জ্জ ঘটনা। 

প্ৰাপ্ত খবৰ মতে, মঙ্গলবাৰে নিশা এগৰাকী তিনি সন্তানৰ মাতৃক ঘৰত কোনো নথকাৰ সুযোগ লৈ নগাঁৱৰ খুটিকটীয়াৰ প্ৰনৱ বৰুৱা নামৰ এজন যুৱকে ধৰ্ষণৰ চেষ্টা চলায়৷ মহিলা গৰাকীৰ লগত যুৱক জনে প্ৰথমে চ’ছিয়েল মিডিয়াত চিনাকি হৈছিল। এনেদৰে সম্পৰ্ক গঢ়ি তোলাৰ পৰবৰ্তী পৰ্যায়ত যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও মহিলা গৰাকীয়ে তেনে প্ৰস্তাৱ পোনচাতেই নাকচ কৰিছিল। 

এনেদৰে বিফল হোৱাত লম্পট চৰিত্ৰৰ যুৱকজন মহিলাগৰাকীৰ ওপৰত ক্ষোভিত হৈ পৰিছিল আৰু মঙ্গলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি হাতত চোকা অস্ত্র লৈ তিনি সন্তানৰ মাতৃ গৰাকীক ভীতি প্ৰৰ্দশন কৰি ধৰ্ষণৰ অপচেষ্টা চলায়৷ আনকি মহিলা গৰাকীৰ সন্তানকো শাৰীৰিকভাবে আক্ৰমণ কৰে লম্পটোয়ে৷ 

অৱশ্যে, লম্পটোৰ এনে কাৰ্যত মহিলাগৰাকীয়ে সহায়ৰ বাবে চিঞৰ বাখৰ কৰাত প্ৰতিবেশী বহু লোক মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় আৰু হাতে লোটে ধৰি লম্পট প্ৰনৱক আৰক্ষীক গতাই দিয়ে৷ সেই সময়ত ঘটনাৰ খবৰ পাই সাংবাদিকে অভিযুক্তৰ ফটো ল’ব যাওঁতে সাংবাদিকৰ কেমেৰালৈ লম্পট প্ৰনব বৰুৱাৰ আত্মীয়ই চোঁচা লয়৷ আনকি আৰক্ষীৰ সন্মুখতে লম্পটটোৰ পৰিয়ালৰ লোকে লম্পটটোৰ পিতৃ এজন চিআৰপিএফৰ জোৱান বুলি পৰিচয় দি চৰম দাম্ভিকতা প্ৰদৰ্শন কৰে।

ইফালে, দুৰ্ভগীয়া মহিলাগৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪৫৭/৩৭৬/৫৪১/৩২৫ নং ধাৰাৰ অধীনত ২৫৪/১৮ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰিছে৷ এইদৰে এগৰাকী তিনি সন্তানৰ মাতৃৰ শালীনতা হানি কৰাৰ ঘটনাত জড়িত লম্পট প্ৰণৱ বৰুৱাৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সচেতন ৰাইজে৷