newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত বিগত কেইমাহমানৰ পৰা আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে পুনৰ সংঘটিত হল এক অনুৰূপ ঘটনা৷
উল্লেখ্য, বটদ্ৰৱাৰ সমীপৰ ধনীয়াভেটিত মাত্ৰ কেইটামান মাহ পূৰ্বে কিশোৰী এগৰাকীক ধৰ্ষণ কৰি জ্বলাই হত্যা কৰাৰ ঘটনাৰ লগতে কিছুদিন পূৰ্বে এগৰাকী বিধৱা মহিলাক ধৰ্ষণৰ চেষ্টা চলাওঁতে সাহসী মহিলাগৰাকীৰ দাৰ ঘাপত লম্পটটোৰ গুপ্তাংগ কটা যোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন বৰহিছাত সংঘটিত হ’ল আন এক নিলৰ্জ্জ ঘটনা।