newsnextone.com | মৰিয়নীঃ মৰিয়নীৰ নকছাৰীত চলন্ত ৰেলৰ পৰা পৰি এজনৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, নামনিমুৱা অবোধ আছাম নামৰ ৰে'লগাড়ীখনৰে যুৱকজনে যাত্ৰা কৰি থকা সময়তে দূৰ্ঘটনাটো সংঘটিত হয়। 

যুৱকজনৰ পৰিচয় এতিয়াও লাভ কৰিব পৰা হোৱা নাই যদিও যুৱকজনৰ পোছাক-পৰিচ্ছদলৈ চাই তেওঁ শাওনৰ মাহত চলি থকা ব'ল বম উত্সবৰ বাবেই ৰে'লেৰে যাত্ৰা কৰি আছিল বুলি ৰে'ল আৰক্ষীয়ে অনুমান কৰিছে।

ৰে'ল আৰক্ষীয়ে ৰে'ল লাইনৰ পৰা অচিনাক্ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিত্সা মহাবিদ্যালয় প্ৰেৰণ কৰে।