49
ডিফুঃ হাতত এখন ফটো। ফটোখন লৈ ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে এজন লোক৷ দিকবিদিক হেৰুৱাই পেলাইছে মানুহজনে৷ হাতত ফটো লৈ ঘূৰি ফুৰা মানুহজনৰ নাম বিজয় দাস৷
কাছাৰ জিলাৰ কাটিগৰা থানা এলেকাৰ ছাপ্লাই গেটৰ বিজয় দাসে যোৱা ২০ দিন ধৰি দিহিঙে-দিপাঙে ঘূৰি বিচাৰি ফুৰিছে মৰমৰ সন্তানক৷ সেমেকা চকুৰে এজনৰ পিছত এজনকৈ সকলোকে ফটোখন দেখুৱাই সুধি ফুৰিছে, “মোৰ এই ল’ৰাটোক ক’ৰবাত দেখিছে নেকি?”