50
কামপুৰঃ নগাওঁ জিলাৰ কামপুৰ গুইমাৰীৰ এজন যুৱক কেৰালাত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে গাঁৱৰ চাৰিজন যুৱকৰ সৈতে কেৰালালৈ যোৱা নিৰুদিষ্ট যুৱকজন হৈছে ক্ষিৰকান্ত বৰুৱা।
জানিব পৰা মতে যোৱা ১ জুলাইত কামপুৰ গুইমাৰী গাঁৱৰ ক্ষীৰকান্ত বৰুৱা নামৰ যুৱকজনে একে গাঁৱৰে নুৰ হুছেইন, ইদ্দিছ আলী, আনাৰ হুছেইন আৰু ছাদ্দাম আলী নামৰ চাৰিজন যুৱকৰ সৈতে কেৰেলাত কাম কৰিবলৈ ৰেলযোগে গৈ থকা অৱস্থাত নিৰুদেশ হয়।