55
লালুকঃ লখিমপুৰ জিলাৰ বঙালমৰাৰ এটি সাত বছৰীয়া শিশু৷ সুদীৰ্ঘ ১৫ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱাৰ পিছত আকস্মিকভাৱে স্বগৃহত উপস্থিত হোৱাত পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে৷
জানিব পৰা মতে লখিমপুৰ জিলাৰ বঙলমৰাৰ আব্দুল ছুভান নামৰ লোকজনৰ পুত্ৰ বিল্লাল হুছেইনক ১৫ বছৰ পূৰ্বে হাৰমতী ডনবস্ক স্কুলৰ পৰা ওভতাৰ সময়ত কোনো দুৰ্বৃত্তই অপহৰণ কৰে৷ ঘটনা সম্পৰ্কত পৰিয়ালে আৰক্ষীক অৱগত কৰিছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল৷