মিছামাৰীঃ নদীৰ প্ৰবল সোঁতত উটি অহা এটি গৰুক বচাবলৈ গৈ নিজেই উটি গ’ল এজন যুৱক৷ দেশ ব্যাপি গো হত্যাক লৈ বাদ-বিবাদ অব্যাহত থকাৰ মাজতে এজন জনগোষ্ঠীয় যুৱকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নৈত জাপ দি বিগত কেবাদিনো ধৰি নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত বাতৰি মতে, শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নৈত যোৱা শনিবাৰে এটা গৰুক উদ্ধাৰ কৰিবলৈ গৈ বাঢ়নি পানীৰ সোঁতত উটি গৈছিল পৰেশ স্বৰ্গীয়াৰী নামৰ প্ৰায় ৩০ বছৰীয়া এজন যুৱক। আকস্মিক ঘটনাটো ঘটাৰ পাছৰে পৰা নৈ পৰীয়া ৰাইজৰ উপৰিও আৰক্ষীয়ে যুৱকজনক উদ্ধাৰৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।