65
ধিংঃ নগাঁও জিলাৰ ধিঙত সমনীয়াৰ লগত গা ধুবলৈ গৈ এজন ছাত্ৰৰ সলিল সমাধি ঘটে। মৃত ছাত্ৰজন ধিং পুজাবাড়ীৰ অমৃত দেৱনাথ। ধিং জিবি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ অাছিল অমৃত।
মঙলবাৰে দুপৰীয়া সমনীয়াৰ লগত বটদ্ৰৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ পিছফালে থকা ৰূদ্ৰ সিংহ পুখুৰীত সমনীয়াৰ লগত গা ধুই থকা অৱস্থাতে পানীত ডুৱ যায় অমৃত। লগে লগে হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয়।