কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাত এগৰাকী বিপিএফ নেতাই চোৰাং কাঠ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে গুণ্ডাগিৰি কৰা বুলি অাক্ৰাছুৱে অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। চোৰাং কাঠ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়া বিপিএফৰ উক্ত নেতাগৰাকী দিলদাৰ অালী বুলি অাক্ৰাছুৱে সদৰী কৰিছে।
অাজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অাক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক কংকন ৰায় আৰু প্ৰচাৰ সচিব জীৱেশ ৰায়ে উল্লেখ কৰা মতে কেইদিনমান পূৰ্বে জিলাখনৰ চিথিলা মাজেৰগাঁও পথেৰে ঠেলাভৰ্তি চোৰাং কাঠ সৰবৰাহ হোৱা প্ৰত্যক্ষ কৰি স্থানীয় যুৱক অতুল চন্দ্ৰ বৰ্মন সহিতে কেইজনমান যুৱকে চোৰাং কাঠ সৰবৰাহকাৰীক অাগুচি ধৰি সোধপোছ কৰে।