যোৰহাটঃ ফেনে-ফোটোকাৰে বাঢ়ি অহা বৰ লুইতৰ বানে শনিবাৰে পুৱা যোৰহাটৰ নিমাতীঘাটৰ মূল পকী পথটোৰ এক বৃহৎ অংশ খহাই নিয়ে। বিগত দুদিন ধৰি ক্ৰমাগতভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই অহাৰ সময়তে আজি পুৱা এই পথটোৰ প্ৰায় ২০ মিটাৰ অংশ নদীৰ বুকুত জাহ যায়।
পথটো নৈৰ বুকুত জাহ যোৱাৰ পিছতে ভাবুকিৰ সন্মুখীন হৈছে সমগ্ৰ নিমাতী অঞ্চল। কিয়নো এই পথটো ছিঙিলে ব্ৰহ্মপুত্ৰ কোবাল সোতে পোনে পোনে যোৰহাট নগৰৰ বাবে ৰক্ষাকবছ স্বৰূপ বৰআলি মথাউৰিত আঘাত হানিব। এনে পৰিপ্ৰেক্ষিততে যোৰহাট জিলাচ ভয়কংৰ দুৰ্যোগে দেখা দিয়াৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে।