কোকিলাঃ বানৰ কবলত পৰা ৰাজ্যৰ কেইবাখনো জিলাৰ লোক আজিও ককবকাই থাকিব লগা হৈছে৷ এটুপি বিশুদ্ধ খোৱা পানী, এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হোৱা লোকসকলে এতিয়া যাতায়াতৰ বাবে ব্যাপক সমস্যাত পৰিছে৷
মাজুলিত মানুহে কলৰ ভূৰত উঠি যাতায়াত কৰিব লগা হোৱাৰ লগতে বঙাইগাঁও জিলাতো তুলুঙা নাৱত উঠি বিপদসংকুল ভাবে যাতায়াত কৰিব লগা হৈছে৷ বঙাইগাঁও জিলাৰ মানিকপুৰৰ লুংঝাৰত মানাহ নৈৰ ওপৰত থকা বাহৰ দলং খন বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷ চৰকাৰে এখন দলং নিৰ্মাণ নকৰাত ৰাইজে বছৰ বছৰ ধৰি গাঁঠিৰ ধন ভাঙি বাহৰ দলং সাজি আহ-যাহ কৰি আহিছিল যদিও বানে বাহৰ দলং খন উটুৱাই নিয়াত মুৰে কপালে হাত দিব লগা হৈছে ৰাইজে৷