113
বঢ়হমপুৰঃ বহু প্ৰত্যাখ্যাৰ অন্তত বৃহস্পতিবাৰে ৰহাৰ ৰাজভেটিৰ জোঙালবলহুগড়ত তিৱা জাতীয় সংগঠন, তিৱা সমাজৰ প্ৰচেষ্টাৰ ফলত তিৱা বীৰ জোঙালবলহুৰ পূৰ্ণাংগ মূর্তি স্থাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য আৰু স্বাভিমানৰ প্ৰতীক তিৱা ৰজা বীৰ জোঙালবলহু। তিৱা সকলৰ জাতীয় স্বাভিমান, সংগ্ৰামী সত্তা প্ৰেৰণাৰ উৎস স্বৰূপ বীৰ জোঙালবলহু। গৌৰৱোজ্জ্বল তিৱা ইতিহাসৰ শ্ৰেষ্ঠ ৰজা জোঙালবলহু।
