খেৰণিঃ সমগ্ৰ বিশ্বৰ লগতে দেশত অব্যাহত আছে মহামৰীৰ ৰূপ লোৱা ক'ভিড-১৯ৰ অৱৰ্ণনীয় ভয়াৱহতা। এই মাৰাত্মক কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ লগতে অসমতো চলিছে ২১ দিনীয়া লক ডাউন। চৰকাৰী নিৰ্দেশ অনুসৰি দেশত বিগত প্ৰায় এপষেক ধৰি ঘৰতে আবদ্ধ হৈ আছে শিশুকে ধৰি পুৰুষ-মহিলা সকলো।
কৰ'না ভাইৰাছৰ সংক্ৰমণ আৰু আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰা কৰুণ ঘটনাক লৈ এতিয়া সমগ্ৰ বিশ্বৰ লগতে হাঁহাকাৰ লাগিছে দেশ তথা অসম ৰাজ্যতো। প্ৰতি ক্ষণত সকলোকে সজাগ হোৱাৰ আহ্বান চৰকাৰ তথা সচেতন জনতাৰ। কিন্তু ইমানৰ পাছতো ৰাজ্যৰ একাংশ লোকৰ গা লৰা নাই এতিয়াও। মাৰাত্মক ক'ভিড-১৯ৰ ভয়াৱহতা আৰু চৰকাৰী নিৰ্দেশকো আওকাণ কৰি নিৰ্দেশ ভংগ কৰি ফুৰিছে বহুজনে। আনকি একাংশ অসাধু ইটা ভাটাৰ মালিকে ইটা ভাটাসমূহতো কাম কাজ অব্যাহত ৰখা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, হোজাই জিলা অন্তৰ্গৰ তথা পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা লালুংডুবিস্থিত আৰ বি (R B) আৰু আৰ জি (R G) নামৰ ইটাভাটা প্ৰতিষ্ঠান দুখনেও কাকোকে কেৰেপ নকৰি নীতি-নিৰ্দেশ উলংঘা কৰি ইটা নিৰ্মাণৰ লগতে ইটা জ্বলোৱা কাৰ্য্য অব্যাহত ৰাখিছে নৱকান্ত তামুলী আৰু প্ৰণিত গিৰী নামৰ স্বত্বাধিকাৰীদ্বয়ে। দৰাচলতে যিটো সময়ত চৰকাৰে সামাজিক দূৰত্ব মানি চলা অথবা গৃহবন্দী হৈ থকাৰ আহ্বান জনাই আহিছে তেনে সময়তে কিন্তু নৱকান্ত তামুলী আৰু প্ৰণিত গিৰীয়ে শ শ শ্ৰমিক ব্যৱহাৰ কৰি ইটা নিৰ্মাণৰ কাম চলাই গৈছে।
এনেদৰে এতিয়া একাংশক মেনেজ কৰি আৰক্ষী আৰু জিলা প্রশাসনক অন্ধকাৰত ৰাখি স্বত্বাধিকাৰীদ্বয়ে কৰা নিৰ্দেশ ভংগৰ কাৰ্যই সচেতন মহলৰ চকু কঁপালত তুলিছে। বিশেষকৈ শ শ শ্ৰমিকক কৰ'নাৰ সংকটৰ সময়ত লকডাউন ভংগ কৰি বিপদলৈ ঠেলি দিয়াটোক সহজভাৱে ল'ব পৰা নাই সচেতন মহলে।