ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰজাপুখুৰী অঞ্চলত এটা ইটা ভাটাৰ বাবে ৰাইজ সমস্যাত পৰিছে৷ ধোৱাৰ প্ৰকোপত মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে ইটাভাটাৰ বাবে৷ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি ৰাইজ আতংকিত হৈ পৰিছে৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ৷ অহৰহ নিৰ্গত হৈ থকা ধোৱাই বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগীয়া কৰিবলৈ ওলোৱাৰ পিছতো নিমাত প্ৰশাসন৷
স্বাস্থ্য, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে৷ আনহাতে ৰাইজে ইটাভাটাৰ পৰা ওলোৱা ধোৱা তথা প্ৰদূষণৰ বাবে হাওফাওঁৰ ৰোগ, চৰ্মৰোগ, চকুৰ ৰোগ, চুলি সৰা, ডিঙিৰ ৰোগ হোৱাৰ আশংকা কৰিছে৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰজাপুখুৰী অঞ্চলৰ লোকে প্ৰদূষণৰ ভয়ত দিন পাৰ কৰিছে৷ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰজাপুখুৰী দিলজানত জনৈক বাংকাৰ মালিকাধীন ইটা ভাটাই পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে।