ডিজিটেল ডেস্কঃ সোণ-গহনা নহয়, গাড়ী-ঘোৰাও নহয়, নিৰামিষ ভাত দিয়াৰ বাবেই অসন্তুষ্ট দৰাই বিয়া আধাতে সামৰি ঘৰমুৱা হ’ল। পিছত কইনাপক্ষৰ কাকূতি-মিনতিত বিয়াৰ বাবে সৈমান হয় যদিও এইবাৰ সকলোকে আচৰিত কৰি অমান্তি হয় কইনা। 

এই ঘটনা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ নগৰৰ৷ বিয়াত কইনাৰ ঘৰে বৰযাত্ৰীক নিৰামিষ আহাৰ দিয়াৰ বাবেই ক্ষুব্ধ হয় দৰাঘৰীয়া৷ দৰাই সিদ্ধান্ত লয় বিয়া নপতাৰ৷ পিছত পঞ্চায়তৰ শুনানী মৰ্মে দৰাই বিয়া পতাৰ সিদ্ধান্ত লয় যদিও এনে দৰাৰ লগত বিয়া নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কইনাই৷ 

ঘটনা পিছে ইমানতে শেষ নহ’ল। কইনাৰ এনে সাহসী সিদ্ধান্তৰ প্ৰতি আকৃষ্ট হৈ কইনাগৰাকীক বিয়া পাতিবলৈ আগুৱাই আহে আন এগৰাকী ব্যাক্তিয়ে৷ 

উল্লেখযোগ্য যে শেহতীয়াভাৱে ৰাজ্যখনত অভাৱ হ’ব ধৰিছে মাংসৰ৷ যোগী চৰকাৰে ৰাজ্যখনৰ অবৈধ কচাইখানাসমুহ বন্ধ কৰাৰ ফলতে এতিয়া মাংসৰ আকালত পৰিছে ৰাজ্যবাসী৷