51
ডিজিটেল ৰিপ’ৰ্টঃ মুষলধাৰ বৰষুণৰ ফলত অসম, অৰুণাচল আৰু মণিপুৰৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো ব্যাপক ক্ষয়-ক্ষতিৰ বাতৰি আহিছে ৷ শেহতীয়া বাতৰি অনুযায়ী চুবুৰীয়া ৰাজ্যখনৰ কেবাখনো নৈ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে ৷
ইয়াৰ মাজতে ৰাজ্যখনৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ স্বৰূপ ডিমাপুৰ নগৰত ধনশিৰি নৈৰ বাঢ়নী পানী সোমাই অহাত নগৰখনৰ লগতে ইয়াৰ আৱাসিক এলেকাত নৈৰ পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে।