49
মঙলদৈঃ কাঠৰ দলং ৰাইজৰ বাবে বেয়া৷ কিয়নো বছৰে বছৰে ভাঙি-ছিঙি গৈ যাতাযাতত সমস্যাৰ সৃষ্টি হয়৷ কিন্তু ঠিকাদাৰ-অভিযন্তাৰ বাবে কাঠৰ দলং কিমান প্ৰয়োজনীয় সেয়া ৰচনা লিখিও শেষ কৰিব নোৱাৰি।
কিয়নো বছৰে বছৰে মেৰামতিৰ নামত চৰকাৰ পৰা আৱন্টিত ধন অনায়াসে জেপত ভৰোৱাৰ সুযোগ এই দলঙে যেনেকৈ দিয়ে সেয়া অইন ক্ষেত্ৰত সতকাই পোৱাতো কঠিন। কংক্ৰীটৰ দলং সাজি বছৰে বছৰে টকা ঘটাৰ পথটো বন্ধ কৰাতকৈ কাঠৰ দলং থকাই ভাল বুলি গণ্য কৰে অধিকাংশ ঠিকাদাৰে৷