তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অন্যতম ভিতৰুৱা অঞ্চলত টঙনা-বেতনি গাঁৱৰ মাজেদি বৈ যোৱা ডাঙৰী নৈৰ ওপৰত ২০১২ চনতে নিৰ্মিত প্ৰায় ১.৫০ (আনুমানিক) কোটি ব্যয় সাপেক্ষে নিৰ্মিত দলংখনৰ সংযোগী পথ নিৰ্মাণ নোহোৱাৰ বাবেই দলং থকা সত্বেও ভূঁৰকে সাৰথি কৰি লব লগা হৈছে অঞ্চলবাসীয়ে।
দলঙৰ এমূৰত সংযোগী পথ নিৰ্মাণ নোহোৱাৰ বাবেই পথাচাৰীয়ে দৈনিক কলগছ নাইবা বাঁহেৰে নিৰ্মিত ভূঁৰৰ সহায়ত নদীৰ ইপাৰ সিপাৰ হ’ব লগীয়াত পৰে ৷ দৈনিক কেইবাশ পথাচাৰী আহ-যাহ কৰা আলিটো বিকশিত অসমৰ প্ৰকৃত স্বৰূপ বুলি স্থানীয় ৰাইজে ক্ষোভেৰে মন্তব্য প্ৰকাশ কৰে ৷ ২০১২ চনতে নিৰ্মাণ হোৱা দলঙৰ ওপৰত এতিয়া ঘাঁহ বন গজা আৰম্ভ কৰিছে আৰু দলং থকা স্বত্তেও ভূঁৰৰ সহায়ত নদী পাৰ হ’বলগীয়া ঘটনাই ৰাজকোষৰ ধন অপব্যয় হোৱাটোকে সূচাইছে ।