কাকপথাৰঃ তিনিচুকীয়া চহৰৰ নিকটৰ বৰডুবিত ভাৰাতীয়া হিচাপে থকা বিশ্বজিত কাকতি নামৰ ১৭ বছৰীয়া ছাত্ৰজনে কিছুমান পেলনিয়া অলাগতিয়াল সামগ্ৰীৰে কাৰিকৰী সামগ্ৰী তথা নিত্য ব্যৱহৃত বিদ্যুৎ চালিত যন্ত্ৰ পাতি তৈয়াৰ কৰি সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে ।
অঞ্চলটোৰ নবীন তালুদাৰৰ ঘৰত ভাৰাতীয়া হিচাপে থকা মৃদুল কাকতি আৰু গোলাপী কাকতিৰ জেষ্ঠ্য সন্তান বিশ্বজিতে ২০১৫ চনত মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত পাই উত্তীৰ্ণ হৈ কাৰিকৰী বিভাগত নামভৰ্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও আৰ্থিক আৰু অন্যান্য কাৰণত সেয়া সম্ভৱ হৈ নুঠিল ।