56
গোৰেশ্বৰঃ শ্ৰীকৃষ্ণ হিন্দুসকলৰ আৰাধ্য অৱতাৰ। হিন্দু ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে শ্ৰীকৃষ্ণক পূজা কৰে। শ্ৰীকৃষ্ণক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়৷ কৃষ্ণক সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰা বৃন্দাবন৷ ৰামায়ণ-মহাভাৰতৰ মতে পৌৰাণিক যুগৰ প্ৰসিদ্ধ ঠাই বৃন্দাবন৷ বৃন্দাবনক লৈ নানা কথা সাধুকথাৰ দৰে আজিও মানুহে চৰ্চা কৰে৷ গোপিনীসকলৰ সৈতে কৃষ্ণই লীলা কৰাৰ সেই কথা ভাৰতীয় মানুহে আলোচনা কৰে৷
