নাজিৰাঃ শিৱসাগৰ জিলাৰ নাজিৰাৰ সৌকাজান সত্ৰৰ এজন লোকৰ নিৰলস প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটি কুটীৰ শিল্প উদ্যোগ। কাঠৰ উপৰিও শিল, বালি, মাটি, চিমেণ্টৰ সংমিশ্ৰণেৰে শিল্পীজনৰ হাতত প্ৰাণ পাই উঠে ভগৱানৰ মূৰ্ত্তি, আসন, দবা, নামঘৰৰ তোৰণ, কাছ,পদুম ফুল লগতে বিভিন্ন জীৱ জন্তুৰ মূৰ্ত্তি।
চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে। এই কথাফাঁকিকে প্ৰতিপন্ন কৰি ভাস্কৰ্য শিল্পক বৃত্তি হিচাপে লৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমৰ ৰাইজলৈ একক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ নিজে হাতে তৈয়াৰ কৰিছে এইজন শিল্পীয়ে। লণ্ডনত সংৰক্ষণ হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্র অসম চৰকাৰে লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ৰ পৰা মাত্ৰ তিনিটা মাহৰ বাবে অসমলৈ অনাৰ ব্যৱস্থা কৰিছে যদিও তাৰ পৰৱৰ্তী সময়ত যাতে অসমৰ লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্র চাব পাৰে তাৰ বাবেই শিল্পীজনৰ এই মহান প্ৰয়াস।