মুম্বাইঃ মোদী চৰকাৰৰ শাসনৰ সময়ৰপৰা ৰে’ল বাজেটক সাধাৰণ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে৷ ভাৰতৰ ৰে’লপথৰ সৈতে জড়িত এটা কাহিনী, শুনিলে আচৰিত হ’বলগীয়া কথা৷
আপুনি জানেনে, স্বাধীন ভাৰতৰ মাটিত এনে এছোৱা ৰে’লপথ আছে যাৰ মালিকীস্বত্ব এতিয়াও এটা ব্ৰিটিছ কোম্পানীৰ হাতত৷ আনকি ভাৰতীয় ৰে’ল বিভাগে এই কোম্পানীক প্ৰতি বছৰে এক কোটি ২০ লাখ টকা আদায় দি আহিছে৷ এই ৰে’লপথছোৱাত কেৱল ‘শকুন্তলা এক্সপ্ৰেছ’ নামৰ এখন ৰে’লগাড়ীহে অহা-যোৱা কৰে৷ মহাৰাষ্ট্ৰত থকা এই ৰে’লপথছোৱাৰে মুৰ্তজাপুৰৰপৰা অমৰাৱতীলৈ ১৮৯ কিল’মিটাৰ পথ ৬ ৰপৰা ৭ ঘন্টাত অতিক্ৰম কৰিব পাৰি৷ এই যাত্ৰাপথত ‘শকুন্তলা এক্সপ্ৰেছ’এ অচলপুৰ, জবতমালৰ লগতে ১৭ টা সৰু-বৰ ষ্টেচন পাৰ হৈ যায়৷