নলবাৰী: নলবাৰী জিলাৰ পশ্চিম দিশৰ ৬১নং ধৰ্মপূৰ সমষ্টিৰ কেইটামান পথৰ জৰাজীৰ্ণ অৱস্থাই জিয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। এই পথ সমূহেৰে সাধাৰণ ৰাইজ আৰু সাধাৰণ মানুহৰ ল’ৰা-ছোৱালী, ছাত্ৰ- ছাত্ৰী, দুখীয়া ৰুগী অহা- যোৱা কৰে।
প্ৰতাপী মন্ত্ৰী- এমএলএৰ ল’ৰা-ছোৱালী কিন্ত এই পথেৰে নাহে। বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিত পথৰ দুৰৱস্থাৰ বাবে জীৱন বিপদাপন্ন কৰি প্ৰতিদিনে সাধাৰণ মানুহ, প্ৰজা সকলে এনেদৰেই জীৱন অতিবাহিত কৰিব লগাত পৰিছে।