গোৱালপাৰাঃ কাঠৰ দলঙে জীয়াতু ভুগাইছে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ধূমেৰঘাট-ডিংডিঙা অঞ্চলবাসীক৷ জহি খহি বিধ্বস্ত হোৱা জলেশ্বৰ সমষ্টিৰ ধূমেৰঘাট-ডিংডিঙা সংযোগী কাঠৰ দলংখনেৰে এতিয়া প্ৰতিদিনে নিৰাপত্তাহীন যাতায়াত চলে হাজাৰ হাজাৰ লোকৰ৷
পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ নমুনা উদঙাই জিঞ্জিৰাম নদীৰ ওপৰত ধূমেৰঘাট-ডিংডিঙা সংযোগী কাঠৰ দলংখন বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, জলেশ্বৰ সমষ্টিৰ এই কাঠৰ দলংখন বিগত দহটা বছৰে মেৰামতি নোহোৱাত যমৰ-যাতনা ভুগিবলগা হৈছে অঞ্চলবাসী ৰাইজে৷ আনকি দলং খনৰ দুয়োফালে ৰেলিং নথকাত বহু যান-বাহন দূৰ্ঘটনাগ্ৰস্ত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷