49
শুক্লাইঃ দুৰ্গা পূজাত কাপোৰ কিনি দিয়াৰ প্ৰলোভনৰে ডিমাকুছিলৈ লৈ যোৱা নিজ ভগ্নীক ৰাজপথত এৰি পলাই পত্ৰং দিলে এজন নিষ্ঠুৰ ভাতৃয়ে। এই ঘটনা সংঘটিত হৈছে ভেৰগাঁও মহকুমাৰ ওদালগুৰি জিলাৰ ডিমাকুছিত।
পানেৰী থানাৰ অন্তৰ্গত গৰুৱাঝাৰ বাসুগাঁৱৰ চামিৰ কুজুৰ নামৰ লোকজনে নিজৰ ৮ বছৰীয়া ভগ্নী ৰেহেনা কুজুৰক মঙলবাৰে নিশা ডিমাকুছিত পূজাৰ কাপোৰ কিনি দিয়াৰ লোভ দেখুৱাই বজাৰলৈ আনি কাপোৰ কিনি দিয়াৰ পৰিৱৰ্তে ডিমাকুছিৰ পথত এৰি পলায়ন কৰে।