Newsnextone | ডিজিটেল ডেস্কঃ বিজেপি নেতা বিএছ য়েডুৰাপ্পাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে বৃহস্পতিবাৰে পুৱা ৯ বজাত ৰাজভৱনত শপত গ্ৰহণ কৰাৰ লগে লগে ৰাজ্যখনত বিগত দিবানিশে চলা ৰাজনৈতিক ধুমুহা বৃহস্পতিবাৰে অস্থায়ীভাৱে শাম কটা বুলি ক’ব পাৰি।
চৰকাৰ গঠনৰ আশা পালি থকা কংগ্ৰেছ আৰু জনতা দল (এছ)ৰ নেতাই শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা পিটিশ্যনৰ শুনানি কাহিলিপুৱালৈকে চলাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়খনে য়েডুৰাপ্পাৰ শপত গ্ৰহণৰ বাবে সেউজ সংকেত দিয়ে।