ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত বিএছএফ কৰ্তৃপক্ষই জোৱানৰ বিৰুদ্ধে ঘোষণা কৰা শাস্তি প্ৰত্যাহাৰ কৰে৷ প্ৰধানমন্ত্ৰীক ‘ছাৰ’ নতুবা ‘সন্মানীয়’ শব্দৰে সম্বোধন নকৰাৰ বাবে শাস্তিৰ সন্মুখীন হ’ল এগৰাকী বিএছএফ জোৱানক শাস্তি প্ৰদান কৰিছিল ওপৰৱালা বিষয়াই৷
প্ৰধানমন্ত্ৰীৰ প্ৰতি অশ্ৰদ্ধা বলি গণ্য কৰি শাস্তি প্ৰদান কৰা হৈছিল জোৱান জনক৷ ফলত শাস্তিৰ সন্মুখীন হ’ব লগা হয় জোৱান জন৷ নৰেন্দ্ৰ মোডীয়ে এই খবৰ লাভ কৰাৰ পিছতেই বিএছএফৰ সঞ্চালকক জোৱানৰ বিৰুদ্ধে শাস্তি প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ লাভ কৰাৰ পিছত বিএছএফৰ সঞ্চালকে শাস্তি প্ৰত্যাহাৰ কৰে৷