ডিজিটেল ডেস্কঃ দেশক দিনে-ৰাতিয়ে সুৰক্ষা দিয়া সেনা জোৱানক পুতৌজনক খাদ্য দিয়াৰ অভিযোগ ছচিয়েল মিডিয়াযোগে প্ৰমাণসহ সমগ্ৰ দেশৰ আগত দাঙি ধৰা বিএছএফৰ জোৱান তেজ বাহাদুৰক কৰ্টমাৰ্শ্বেল কৰিছে বিএছএফে।

বিগত বৰ্ষত ছ’ছিয়িল মিডিয়াত ভাইৰেল হৈছিল বিএছএফ জোৱান তেজ বাহাদুৰৰ ভিডিঅ’৷ উৰ্ধতম কৰ্তৃপক্ষই জোৱানসকলক নিম্নমানৰ খাদ্যৰ প্ৰদান কৰে বুলি প্ৰকাশ কৰিছিল তেজ বাহাদুৰে৷

জোৱানসকললৈ অহা খাদ্য সামগ্ৰী উৰ্ধতম কৰ্তৃপক্ষই বজাৰত বিক্ৰী কৰে বুলিও গুৰুতৰ অভিযোগ তুলিছিল জোৱানজনে৷ উক্ত ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ দেশতে৷ এই ঘটনাৰ ৬ মাহ পাৰ নৌহওঁতেই নিলম্বিত কৰা হয় জোৱানজনক৷

মুলত বি এছ এফৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ বাবেই নিলম্বন কৰা হয় তেজবাহাদুৰক৷ বিএছএফৰ উৰ্ধতম কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত কৰা হৈছিল৷ উক্ত তদন্তত বাকী সেনাই তেজ বাহাদুৰৰ এই অভিযোগ ভুৱা আখ্যা দিয়ে।

উল্লেখযোগ্য যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত প্ৰধানমন্ত্ৰী দপ্তৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘটনাৰ তদন্ত বিচাৰিছিল৷ আনহাতে অনুশাসন ভংগ কৰাৰ দোষতো দোষী হৈছিল তেজ বাহাদুৰ৷  

জোৱানজনক উৰ্ধতম কৰ্তৃপক্ষই মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে৷ আনহাতে কেইদিনমান আগতে এজন মৃত জোৱানৰ ফটো তেজ বাহাদুৰৰ বুলিও ব্যাপক চৰ্চিত হৈছিল ফেচবুকত৷