47
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্তত উদ্ধাৰ হৈছে বৃহৎ সুৰংগ৷ দেওবাৰে বিএছএফৰ এটি দলে জম্মু-কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰত উদ্ধাৰ কৰিছে এই সুৰংগ৷ বিএছএফৰ অভিযানত সুৰংগ উদ্ধাৰ হোৱাত ভয়াবহ আক্ৰমণৰ পৰা ৰক্ষা পৰিল দেশ৷
১৪ ফুট দৈৰ্ঘ্যৰ সুৰংগটো পাকিস্তান সীমান্তৰ পৰা সন্ত্ৰাসবাদী প্ৰবেশ কৰোৱাৰ বাবে সুৰংগটো খন্দাৰ সন্দেহ কৰিছে বিএছএফে৷ উৎসৱৰ সময়ত দেশত আক্ৰমণৰ লক্ষ্যৰে ২-৩ দিন পুৰ্বৰ পৰা সুৰংগটো খন্দা বুলি সন্দেহ কৰে বিএছএফে৷