বাইহাটা চাৰিআলিঃ সম্প্ৰতি প্ৰতিগৰাকী লোকৰে খাদ্যৰ বাবেই হওক, কিম্বা পৰিশ্ৰমহীনতাৰ বাবেই হওক দৈহিক গঠনকে ধৰি শৰীৰত ভিন্ন বেমাৰ-আজাৰে দেখা দিছে। তেনে সময়তে দেখা পোৱা গৈছে একাংশ লোকে সু-স্বাস্থ্যৰ স্বাৰ্থত শাৰীৰিক ব্যায়ামৰ প্ৰতি আকৃষ্ট হৈছে আৰু শৰীৰ চৰ্চা কেন্দ্ৰ অৰ্থাৎ জিমলৈ যোৱা আৰম্ভ কৰিছে।
কামৰূপ জিলাৰ বেজেৰাত বৃহস্পতিবাৰে কে ২ নামৰে শৰীৰৰ চৰ্চা কেন্দ্ৰ এটা মুকলি কৰা হয় স্থানীয় লোকসকলৰ স্বাৰ্থত। এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে জলেহা বেগমে।